কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

নসত্ৰ, ৩ আগষ্ট: মানুহৰ বৌদ্ধিক বিকাশে সাধনেৰে সমাজৰ সুস্থিৰতা আনিব বিচৰা আধ্যাত্মিক শিক্ষা সচাই এক আদৰণীয় প্ৰদক্ষেপ। এই মন্তব্য কৰে আজি কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।একেদৰে সংগ্ৰাম কৰা জনেই সফলতা লাভ কৰে বুলিও মন্তব্য কৰে মন্ত্ৰী দাসে। তেওঁ লগতে কয় যে অসম্ভৱ বুলি একো নাই।অসম্ভবতে সম্ভৱ লুকাই থাকে আৰু তাক উলিয়াই আনিব পৰা জনেই জীৱনত আগুৱাই যাব পাৰে। উল্লেখ্য যে আধ্যাত্মিক শিক্ষাৰে ছাত্ৰ ছাত্ৰীক শিক্ষিত কৰি সমাজত এক শান্তিময় পৰিবেশ সৃষ্টিৰ কৰাৰ লগতে নৈতিকতাৰ ভেটি গঢ়াৰ পৰিকল্পনাৰে কৃষ্ণ গুৰু সেৱাশ্ৰমৰ নিৰলস প্ৰচেষ্টাত ২০১৭ চনৰ ৩ আগষ্টত প্ৰতিষ্ঠা লাভ কৰা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।বিশ্ববিদ্যালয়ৰ নবনিযুক্ত উপাচাৰ্য বিশিষ্ট শিক্ষাবিদ ডঃ দীনেশ বৈশ্যৰ সভাপতিত্বত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মুকলি সভা আনুষ্ঠানিক ভাবে উদ্বোধন কৰে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ তথা অধিবক্তা কুন্তলা পাটোৱাৰী গোস্বামীয়ে। উদ্বোধনী ভাষণত কুন্তলা পাটোৱাৰীয়ে কয় যে কৃষ্ণগুৰু প্ৰভুৰ ইচ্ছাশক্তিৰ ফলত প্ৰতিস্থা লাভ কৰা এই বিশ্ববিদ্যালয় আনতকৈ পৃথক। কাৰণ এই বিশ্ববিদ্যালয়ত আধ্যাত্মিক শিক্ষা ব্যাধ্যতামুলক।একেদৰে এজন ছাত্ৰৰ নৈতিক ভেটি গঢ়াৰ সমান্তৰালকৈ এজন সম্পূৰ্ণ মানুহ হিচাপে গঢ় দিয়াৰ বাবে এই শিক্ষানুষ্ঠানত পাঠদান কৰা হয় বুলিও মন্তব্য কৰে কুন্তলা পাটোৱাৰী গোস্বামীয়ে। আধ্যাত্মিক শিক্ষা অবিহনে গ্ৰহণ কৰা শিক্ষা হাটীক গা ধুৱাই দিয়াৰ দৰে বুলিও মন্তব্য কৰে কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীয়ে। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা গবেষক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই আঁত ধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ কমলাকান্ত দত্তই।সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সদ্যবিদায়ী উপাচাৰ্য ডঃ তৰুণ চন্দ্ৰ বৰাই কয় যে এক সুস্থিৰ আৰু নিখুঁট পৰিকল্পনাৰে আমি আগবঢ়াৰ বাবে আজি ছয় বছৰতে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় এখন সবল আৰু সঠিক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে।তেওঁ লগতে বিগত ছয় বছৰীয়া কাৰ্যকাল সম্পৰ্কত আবেগিক মন্তব্য আগবঢ়ায়।সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে কৃষ্ণ গুৰু সেৱাশ্ৰমৰ আন্তৰ্জাতিক পৰিচালনা সমিতিৰ সভাপতি মুকুল ডেকা,কৃষ্ণগুৰু মহাবিদ্যালয়ৰ অধ্যক্ষ্যা কল্যাণী ডেকা।সভাৰ আৰম্ভণিতেই এটি ভক্তিমূলক গীত পৰিৱেশন কৰা হয়।সভাত সভাপতি তথা নৱনিযুক্ত উপাচাৰ্য শিক্ষাবিদ ডঃ দীনেশ বৈশ্যই ভাষণ প্ৰদান কৰি কয় যে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় এখন সুন্দৰ বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ যি গতি সেই গতিক তৰান্বিত কৰাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হব আত্ম উচৰ্গা মনোভাৱেৰে কাম কৰা হব। সভাৰ মাজতে নিশামণি ডেকাই এটি বৰগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।উল্লেখ্য যে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ষষ্ঠ বাৰ্ষিক প্ৰতিস্থা দিৱস উপলক্ষ্যত পুৱা প্ৰভাত ফেৰি কৰা হয় আৰু পুৱা আঠ বজাত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ আধ্যাত্মিক গুৰু তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক বিশ্ববিদ্যালয় প্ৰাঙ্গনলৈ আদৰণি জনোৱাৰ পিছতে আশীৰ্বচন প্ৰদান কৰে।

Leave a Reply